80s toys - Atari. I still have
monisha
মোৰ ফেচবুক একাউণ্ট

সৰু কবিতা

সৰু কবিতা ১) ধান পকিল চন্দ্রমালতীয়ে পেলালে কলি নিঃশেষ হল ফৰিং জাক আৰু টুনীৰ সপোনৰ ঘৰখন ২) তোমাৰ ভালপোৱাৰ বিশ্বাসে অতিক্রম কৰিব পাৰি কেইবাটাও শীতৰ হাড় কপোৱা জাৰৰ আবেলি ৩) কপৌতো অপেক্ষাৰত অগৰু ডালত তাৰ মনৰ তাৰ জীৱনৰ একমাত্র কপৌজনীলৈ মনত পেলায় ৪) নজনাকৈয়ে প্রেমত পৰি গলো শীতৰ সেমেকা ৰাতিপুৱা পৰা গ্রীষ্মৰ উত্তাপময় সন্ধিয়ালৈকে ৫) গোলাপৰ পাপৰি দৰে থুনুকা দুখন হৃদয়ৰ সংযোগী সাকোডাল প্রতাৰণাৰ পলস সহিব নোৱৰা ৷
Back to posts
This post has no comments - be the first one!

UNDER MAINTENANCE

© মণিষা ঠেংগাল হাজৰিকা