Lamborghini Huracán LP 610-4 t
monisha
মোৰ ফেচবুক একাউণ্ট
Tags: text

এপাহি খৰিকাজাঁই আৰু অলপমান সেউজীয়া

প্ৰতি নিশা মোৰ হৃদয়ত গজিব ধৰে খৰিকাজাঁইৰ এটি পুলি

নিশাটোৰ ভিতৰতে তাই অলপ অলপকৈ ডাঙৰ হয়

মাজনিশা তাই হৈ পৰে গাভৰু
আৰু পিছনিশালৈ তাই পুনৰ লীন যায় মাটিৰ লগত ।

তাইৰ মিঠা মিঠা সুৱাসত পাৰ কৰো প্ৰতিটো নিশাৰ পিছৰতো দিন


ৰাতিবোৰৰ সুৱাস লাগি
পাৰ হৈ এনেদৰেই দিনৰ পিছত দিন

আহাৰৰ জুই যেন নিশাবোৰ
মোৰ বাবে চেঁচা হৈ ধৰা দিয়ে
তাইৰ উপস্থিতিত ।

তাইৰ পাহিয়ে পাহিয়ে জপিয়াই ফুৰে
মোৰ হৃদয়ৰ সমস্ত জোনাক ।

তাই নাজানে
তাইৰ মই কিমানদিনীয়া অনুৰাগী

তাইৰ পাতৰ সেই সেউজীয়াবোৰত মই মোৰ শৈশৱ বিচাৰি পাওঁ ,

তাইৰ সেউজীয়াবোৰত মই শাওঁণ বিছাৰি পাওঁ,

শাওঁণত বিছাৰি পাওঁ প্ৰতিশ্ৰুতি ।

সেই নিজান ৰাতি মোৰ বুকুত ফুলি উঠা এপাহ খৰিকাজাঁইৰ

অনুৰাগী মই ।

Back to posts
Comments:
[2014-07-01 12:48:54] anubhab :

VAAL LAGIL (Y)

[2014-07-31 00:12:36] Monisha. :

thank u


UNDER MAINTENANCE

© মণিষা ঠেংগাল হাজৰিকা